Show/Hide Keyboard Layout

অভিযাত্ৰী দূৰৈৰ যাত্ৰী

- নিৰ্মলপ্ৰভা বৰদলৈ

অভিযাত্ৰী দূৰৈৰ যাত্ৰী

আমাৰ লক্ষ্য পোহৰ

এন্ধাৰ ফালি আগবাঢ়ি যাওঁ

গীত গাওঁ সূৰুজৰ ।

 

প্ৰভাতী সূৰ্য আনিম আদৰি

আমাৰ পথত ফুলিব পাপৰি

ৰং পৰিল আকাশত

অভিযাত্ৰী দূৰৈৰ যাত্ৰী ।

 

যিমান সুষমা আহে পৃথিৱীত

সকলো আমাৰ হ’ব

নতুন দিনৰ সকলো গীত

আমাৰ কণ্ঠত ৰ’ব

আমি আগবাঢ়ো এই পথে পথে 

অপৰূপ আনন্দত

অভিযাত্ৰী দূৰৈৰ যাত্ৰী ।।

 

Hits: 1146